ৰাণীখেট ৰোগ/ নিউকেষ্টেল ৰোগ (Ranikhet Disease/ Newcastle Disease)
ৰাণীখেট ৰোগ হৈছে মূৰ্গীৰ এবিধ ভাইৰাছজনিত ৰোগ যি প্ৰখৰ ৰূপত অগ্ৰসন, শ্বাস-প্ৰাশ্বস, খাদ্যতন্ত্ৰআৰু স্নায়ুতন্ত্ৰৰ জড়িত লক্ষণৰ লগতে অত্যাধিক মৃত্যুৰ হাৰ আদি লক্ষণৰদ্বাৰা প্ৰকাশিত হয়।
কাৰক:
নিউকেষ্টেল
ৰোগৰ কাৰক হ’ল নিউকেষ্টেল ডিজিজ ভাইৰাছ (Newcastle Disease Virus), যি হৈছে প্যাৰামিক্সোভাইৰাইডি
(Paramyxoviridae) বংশৰ অন্তৰ্ভূক্ত অভূলা (Avula) ভাইৰাছ গোত্ৰৰ সদস্য। বেমাৰী মূৰ্গীৰ
লক্ষণৰ গভীৰতাৰ ওপৰত ভিত্তি কৰি এই ভাইৰাছটোক ৫ বিধ ৰোগকাৰক (Pathotype) ত ভাগকৰা হৈছে।
পোষক (Host):
মূলত পোহনীয়া কুকুৰাসমূহ আৰু লগতে কিছুমান
বনৰীয়া চৰাইও ইয়াৰদ্বাৰা আক্ৰান্ত হোৱা দেখা যায়।
সংক্ৰমণ:
১] ৰোগী পক্ষীৰ পৰা নি: সৰিত দ্ৰব্যৰ
লগত হোৱা প্ৰত্যক্ষ স্ংস্পৰ্শ; মূলত আত্মীকৰণ বা শ্বসণ প্ৰক্ৰিয়াৰ দ্বাৰা।
২] বিভিন্ন অজীৱ পদাৰ্থৰ দ্বাৰা। যেনে:
খাদ্য পদাৰ্থ, পানী, কাপোৰ, জোতা চেণ্ডেল, বাহন ইত্যাদি।
৩] সংক্ৰমিত কণীৰ পৰা নৱ্যজনীত পোৱালীলৈ।
কাৰক/সংক্ৰমণৰ উৎস:
Ø আক্ৰান্ত পক্ষীৰ শ্বাস প্ৰশ্বাস তন্ত্ৰৰ নি: সৰণ আৰু শৌচৰ পৰা।
Ø ৰোগৰদ্বাৰা মৃত পক্ষীৰ সকলো অংশৰ পৰা।
Ø সংক্ৰমণৰ পৰা ৰোগৰ সময়ছোৱাত নি: সৰিত হোৱা কণিকাসমূহৰ পৰা।
Ø বন্যপক্ষী বা জলজ পক্ষী সমূহেও পোষকৰ ভূমিকা পালন কৰিব পাৰে।
ৰোগৰ লক্ষণ সমূহ
ৰোগৰ লক্ষণ সমূহ বিভিন্ন কাৰকৰ উপৰত নিৰ্ভৰ
কৰে; যেনে ভাইৰাছৰ ৰোগ সৃষ্টি কৰা ক্ষমতা, পোষক প্ৰজাতি, পোষকৰ বয়স; অন্য বীজাণুৰ দ্বাৰা
সহ: সংক্ৰমণ, পৰিবেশীয় চাপ, প্ৰতিৰাধ ক্ষমতা ইত্যাদি।
উপৰোক্ত কাৰক সমূহৰ ওপৰত ভিত্তি
কৰাৰ পিছত, ৰোগৰ সময়ছোৱাত আবিৰ্ভাৱ হব পৰা লক্ষণসমূহ:
·
শ্বাস
প্ৰশ্বাসৰ ক্ষেত্ৰত কষ্ট, যি সামান্যৰ পৰা জটিলত হব পাৰে।
·
আলসতা,
খাদ্য গ্ৰহণ নকৰা, বিশৃংখল পাখি, ৰঙচুৱা চকু।
·
মূৰ
আৰু ডিঙিৰ ভাগত পানী জমা হোৱাৰ লগতে সেউজীয়া বা বগা ৰ্ংৰ পনীয়া হাগনি হোৱা।
·
ৰোগৰ
শেষৰফালে স্নায়ুতন্ত্ৰ সম্পৰ্কীয় লক্ষণসমূহ যেনে কপনি, সিৰামুৰি ধৰা, ডেউকা বা ভৰি
বিকল হৈ পৰা, ডিঙি পাক খাই ধৰা আৰু অসাধাৰণ ৰূপত ঘুৰণীয় চলন দেখা যায়।
·
বহুক্ষেত্ৰত
কোনো ধৰণৰ লক্ষণৰ প্ৰকাশ নহৈ মৃত্যু হোৱাও দেখা যায়। বেমাৰ হৈ মৃত্যু হোৱা মুৰ্গীৰ
দেহত স্নায়বীয় লক্ষণ আৰু সম্পূৰ্ণ ৰূপত কণী পৰা বন্ধ হোৱাও দেখা যায়।
প্ৰতিৰোধ ও নিয়ন্ত্ৰণ
যিহেতু এইটো এটা ভাইৰাছজনিত ৰোগ সেয়েহে
ইয়াত কোনোধৰণৰ ঔষধ উপলব্ধ নহয়।
চাফ চিকুণতা সম্বন্ধীয় প্ৰতিৰোধ
ü
বাহিৰাপক্ষীৰ
বিচৰণ নিসিন্ধ কৰা।
ü
মৃত
পক্ষীৰ দেহ ভালদৰে নিষ্পত্তি কৰা
ü
পোক
পত্ংগ আদি নিয়ন্ত্ৰণ কৰা।
ü
নতুনকৈ
অনা যিকোনো ধৰণৰ পক্ষীৰ পৰা, পামৰ আন পক্ষীসমূহৰ পৰা দূৰত ৰখা।
ü
বাহিৰা
মানুহ, জীৱ-জন্তু, পক্ষী আদিৰ প্ৰবেশ নিসিদ্ধ কৰাৰ লগতে ফাৰ্মৰ কৰ্মকৰ্তা সকলক জৈৱ
সুৰক্ষা সম্বন্ধীয় সম্পূৰ্ণ চাফ চিকুণতা বজাই চলিবলৈ বাধ্য কৰা।
ü
বাহিৰা
যিকোনো ধৰণৰ বাহ্ন নাইবা যন্ত্ৰ পাতি বা আহিলাক বীজাণুমুক্ত কৰণৰ পিছতহে প্ৰবেশ নিশ্চিত
কৰা।
ü
ৰোগ
দেখা দিলে বেমাৰী মুৰ্গীৰ পৃথকীকৰণ আৰু চলাচল নিয়ন্ত্ৰণ, বেমাৰী মুৰ্গীৰ যথাসম্ভৱ নষ্টীকৰণ,
ফাৰ্মৰ সম্পূৰ্ণ ৰূপত চাফাই আৰু বীজাণু মুক্তিকৰণ।
চিকিৎসা সম্বন্ধীয় প্ৰতিৰোধ
ü
যিকোনো
টিকাকৰণ কাৰ্য্যসূচীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিবেচনা হৈছে ব্যৱহাৰ কৰিব পৰা প্ৰতিষেধকৰ
প্ৰকাৰ, প্ৰতিষেধক দিব পৰা পক্ষীৰ ৰোগ প্ৰতিৰোধ আৰু ৰোগৰ স্থিতি, যুৱ মুৰ্গীৰ ক্ষেত্ৰত
মাতৃৰ পৰা অৰ্জিত ৰোগ প্ৰতিৰোধীৰ স্তৰ আৰু স্থানীয় পৰিস্থিতিত ফিল্ড ভাইৰাছৰ দ্বাৰা
সংক্ৰমণৰ যিকোনো সম্ভাৱনাৰ সৈতে প্ৰয়োজনীয় সুৰক্ষাৰ স্তৰ।
ü
পাৰম্পৰিক
লাইভ বা সক্ৰিয় ভাইৰাছ ভেকছিন: ২ টা গোট
o
লেণ্টোজিক
ভেকছিন (যেনে হিটচনাৰ-বি1, লা সোতা, V4, NDW, I2 আৰু F)
o
মেছোজেনেনিক
ভেকছিন (যেনে ৰ'আকিন, মক্তেস্বৰ আৰু কোমাৰোভ);
o
খোৱা
পানীত অন্তৰ্ভুক্ত কৰি পক্ষীবোৰক প্ৰদান কৰা লাইভ ভাইৰাছ ভেকছিন, এক মোটা স্প্ৰে (এৰোচ'ল)
হিচাপে প্ৰদান কৰা, বা ইণ্ট্ৰানাসিক বা কঞ্জাক্টিভাল ইনষ্টেচনেচন (নাক নাইবা চকুৰে
প্ৰয়োগ); কিছুমান মেছোজনিক ভেকছিন উইং-ৱেব ইনট্ৰেডাৰমেল ইন'কুলেচনৰ (ডেউকা বা ছালৰ)
দ্বাৰা দিয়া হয়
ü
অসক্ৰিয়
ভেকছিন
o সক্ৰিয় ভেকছিনতকৈ অধিক ব্যয়বহুল
হ'ব পাৰে
o গাইগুটীয়া পক্ষীবোৰ সঞ্চালন
কৰি প্ৰয়োগ কৰা হয়
o পৰৱৰ্তী সময়ত ভাইৰাছ সংক্ৰমণ
বা প্ৰতিকূল শ্বাস-প্ৰশ্বাসৰ প্ৰতিক্ৰিয়া নোহোৱাৰ সুবিধা
o সংক্ৰমক আৰু অসংক্ৰমক ভাইৰাছ
বীজ হিচাপে ব্যৱহাৰ কৰা হয়; সুৰক্ষা নিয়ন্ত্ৰণ দৃষ্টিকোণৰ পৰা ইয়াৰ ব্যৱহাৰ অধিক উপযুক্ত
দেখা যায়
o জীৱন্ত ভাইৰাছ টিকাকৰণতকৈ
টিকাকৰণৰ বাবে বহু বেছি পৰিমাণৰ ভাইৰাছ কণিকাৰ প্ৰয়োজন (উপয়োগৰ পিছত কোনো ভাইৰাছৰ বংশবৃদ্ধি
নহয়)
ü
খোৱা
পানী বা এৰোচ'ল স্প্ৰেৰ দ্বাৰা স্বাস্থ্যবান ১৪ দিন বা অধিক বয়সৰ কুকুৰাবোৰক প্ৰতিষেধক
প্ৰয়োগ কৰাটো পৰামৰ্শীয়। চাৰি সপ্তাহ আৰু ১৬ সপ্তাহ বয়সত পুনৰ টিকাকৰণ পৰামৰ্শীয়।
ব্ৰাইলাৰ
মূৰ্গীৰ বাবে
প্ৰতিষেধকৰ প্ৰকাৰ |
ব্যৱহাৰৰ
বসয় |
ব্যৱহাৰৰ পথ |
F1/
এফ ওৱান |
২-৬ দিন |
ইন্ট্ৰানেজেল (I/N) বা ইন্ট্ৰা অকোলাৰ
(I/O) |
লাচোটা
(বুষ্টাৰ) |
৩০ দিন |
পানীৰ
লগত (DW) |
লেয়াৰ
মূৰ্গীৰ বাবে
প্ৰতিষেধকৰ প্ৰকাৰ |
ব্যৱহাৰৰ
বসয় |
ব্যৱহাৰৰ পথ |
F1/
এফ ওৱান |
২-৬ দিন |
ইন্ট্ৰানেজেল(I/N) বা ইন্ট্ৰা অকোলাৰ(I/O) |
Lasota/লাচোটা
(বুষ্টাৰ) |
৩০ দিন |
পানীৰ
লগত (DW) |
R2B/
আৰ তু বি |
৬-৮ সপ্তাহ |
চাবকুতেনিয়াছ
(S/C)বা ইন্ট্ৰামাছকুলাৰ (I/M) |
R2B/
আৰ তু বি (বুষ্টাৰ) |
১৮ সপ্তাহ |
চাবকুতেনিয়াছ
(S/C)বা ইন্ট্ৰামাছকুলাৰ (I/M) |